!! শ্ৰীকৃষ্ণায় নমঃ !!
শ্ৰী শ্ৰী মাধৱদেৱৰ বিৰচিত
নাম ঘোষা
ঈশ্বৰ নিৰ্ণয়
যিটো মহামতি গুৰুজনে হৰি ভক্তি পন্থ উপদেশ
দিয়া দুখময় সংসাৰৰ পাৰ কৰে।
হেনয় পৰম গুৰু ঋণ শুজিবাক প্ৰতি জানা নিষ্ট
অন্যত্ৰ উপায় নাহি অঞ্জলিত পৰে।। ৬৭৮
হৰি ভক্তি দাতা গুৰু ঋণ শুজিবাক যিটো অহংকাৰী
অনেক যতনে মনত আলোচে মাত্ৰ।
ঋণ শুজিবাক নপাৰয় জানিবাহা সিটো দুৰাশয়
উপলা সদৃশ বিনোদৰ ভৈল পাত্ৰ।। ৬৭৯
হৰি যেন আতি কৃপাময় ভক্ত গুৰুজনো সেহি নয়
দুয়োজন এক শৰীৰত মাত্ৰ ভিন্ন।
কৃপা ৰসে তুষ্ট হুয়া চিত্ত লোকৰ হিতক চিন্তি নিত
নিজ গুণে তুষ্ট দুয়ো অহঙ্কাৰে হীন।। ৬৮০
একান্ত ভকত যাৰা হয় কিছু অৰ্থ তাৰা নবাঞ্ছয়
মহা অদভুত হৰি গুণ নামময়।
পৰম মঙ্গল কৃষ্ণ যশ যাৰ পৰে আন নাহি ৰস
পৰম আনন্দ সমুদ্ৰে মজি ৰহয়।। ৬৮৩
শ্ৰী শ্ৰী মাধৱদেৱৰ বিৰচিত
নাম ঘোষা
ঈশ্বৰ নিৰ্ণয়
।। লেছাৰি ।।
কৃষ্ণ এক দেৱ দুখহাৰী কাল মায়াদিৰো অধিকাৰী
কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰ।
সৃষ্টি স্থিতি অন্তকাৰী দেৱ তান্ত বিনে আন নাহি কেৱ
জানিবা বিষ্ণুসে সমস্ত জগতে সাৰ।। ৫৮৬
নমো নমো নিত্য নিৰঞ্জন নাৰায়ণ শিৱ সনাতন
অনাদি অনন্ত নিৰ্গুণ গুণ নিয়ন্তা।
পৰম পুৰুষ ভগৱন্ত নাহি পূৰ্ব্বাপৰ আদি অন্ত
তুমিসে চৈতন্য সমস্তে ভাৱ ভাৱন্তা।। ৫৮৭
ব্ৰহ্মা মহাদেৱ লক্ষ্মী দেৱী কায় বাক্য মনে থিৰ কৰি
পৰম আনন্দে চৰণ সেৱন্ত যাৰ।
সদা জন্ম জৰা মৃত্যু হীন শ্ৰীমন্ত সুন্দৰ গুণনিধি
বিষ্ণুত বিনাই কোন দেৱ আছে আৰ।। ৫৮৮
যাৰ পাদোদকে দেৱী গঙ্গা যাৰ বাক্যে হুয়া আছে বেদ
পৰম পতিতো তৰয় যাহাৰ নামে।
সৃষ্টি স্থিতি প্ৰলয়ৰ যিটো পৰম কাৰণ নাৰায়ণ
হেন ঈশ্বৰক নভজয় কোন কামে।। ৫৮৯
অপাৰ সংসাৰ সিন্ধু আৰ বিষ্ণুসে পৰম পাৰ যত
পাৰ আছে তাতে পৰম্পৰমাত্মা ৰূপে।
তেন্তে তুমি জানা ব্ৰহ্ম পাৰ পৰ পাৰ ভূত যত পাৰ
তাসম্বাৰ পাৰ বিষ্ণুসে পাৰ স্বৰূপে।। ৫৯০

।। উপদেশ ।।
সুবাসনা দুৰ্ব্বাসনা দুই বন্ধৰ মোক্ষৰ মূল হেতু
শুনা যেন মতে উপ জয় পুৰুষত।
সন্তৰ কৃপাত সুবাসনা সুখে পুৰুষক পাৱে জানা
হোৱে দু্ৰ্ব্বাসনা সন্তৰ মন কোপত।। ৫৯১
মহন্তৰ বাক্য যিটো কৰে তাক সুবাসনা অনুসৰে
সন্তৰ কৃপাত ভজে গোৱিন্দৰ পাৱে।
যিটো মহন্তক নিন্দা কৰে তাক দুৰ্ব্বাসনা বেঢ়ি ধৰে
কৃষ্ণক ভজিবে নপাৰয় মূঢ়ভাৱে।। ৫৯২
কৃষ্ণ পদ মাত্ৰ সেৱা কৰে সমস্তে কামনা পৰিহৰে
বেদ ব্যৱহাৰ কদাচিতো নলঙ্ঘয়।
কৃষ্ণ পদ সেৱা সুখ মনে কৰে অনুভৱ সৰ্ব্বক্ষণে
ইহাক মহন্ত বুলিয় জানা নিশ্চয়।। ৫৯৩
শুনিয়ো সজ্জন শাস্ত্ৰ সাৰ সকলে সম্পত্তি জানা তাৰ
হৰি ভক্তি ৰসে সন্তোষ মন যাহাৰ।
চৰ্ম্মৰ নিৰ্ম্মিত পানৈযুড়ি চৰণ ঢাকিল যিটোজনে
যেন সৱে ভূমি চৰ্ম্মবৃত ভৈল তাৰ।। ৫৯৪
অন্তৰত এক ঈশ্বৰক দেখিয়োক নানা বাহিৰত
অন্তৰত বোধ বাহিৰত জড় প্ৰায়।
বুদ্ধিত সমস্তে তেজিয়োক বাহিৰত সঙ্গ দেখায়োক
এহিভাৱে ৰাম লোকত ফুৰা বেড়াই।। ৫৯৫

।। ছবি ।।
অবিৰক্ত ভকতৰ বেদ লঙ্ঘিবাক দোষ
জানিবাহা ইহাক নিশ্চয়।
পৰম বিৰক্ত যিটো কৃষ্ণৰ ভকত ভৈল
তাৰ একো নাহিকে নিৰ্ণয়।। ৫৯৬
জানিবাহা ইহাক নিশ্চয়।
পৰম বিৰক্ত যিটো কৃষ্ণৰ ভকত ভৈল
তাৰ একো নাহিকে নিৰ্ণয়।। ৫৯৬
।। লেছাৰি ।।
তাৱত কৃষ্ণৰ ভক্ত নৰে ভক্তি অবিৰোধী কৰ্ম্ম কৰে
কৃষ্ণৰ কথাত ৰতি যাৱে নুপজয়।
যেৱে ভৈল কৃষ্ণ কথা ৰত নিত্য নৈমিত্তিক আদি যত
কথাৰ বিৰোধী জানিয়া সৱে তেজয়।। ৫৯৭
সমস্ত তপকে আচৰোক পৰোক পৰ্ব্বতে উঠি যত
তীৰ্থত ভ্ৰমোক পঢ়োক বেদ নিশ্চয়।
যজোক সমস্তে যজ্ঞচয় যোগত জানোক সমস্তয়
হৰি বিনে কদাচিতো মৃত্যু নতৰয়।। ৫৯৮

।। মহিমাযুক্ত উপদেশ ।।
ব্যাস নিগদতি লুব্ধমতি শুনিয়ো আনন্দে কৰ্ণ পাতি
দেও উপদেশ উৰ্দ্ধবাহু উচ্চ কৰি।
এহিমানে মাত্ৰ মহামন্ত্ৰ সংসাৰ দুৰ্ঘোৰ বিষহাৰী
নামো নাৰায়ণ বুলিয়োক মুখ ভৰি।। ৫৯৯
সকলে নিগম কল্পতৰু তাৰ ফল মহাভাগৱত
শুক মুখে আসি ভূমিত ভৈলা বিদিত।
ৰসত চতুৰ যিটোজন কৃষ্ণৰ চৰণে দিয়া মন
পৰম সন্তোষে পিয়োক ফল অমৃত।। ৬০০
হৰিক সততে স্মৰা প্ৰজা সমস্তে পূণ্যৰ ইসে ৰাজা
হৰিক স্মৰণে সিজয় পুণ্য কিঙ্কৰ।
নপাসৰিবাহা কদাচিত শুনা কথা ইটো বিপৰীত
হৰি পাসৰিলে সিজে পাপ নিৰন্তৰ।। ৬০১
শুনিয়ো পাৰ্ব্বতী তুমি এৱে ৰাম ৰাম ৰাম বোলা যেৱে
তোমাৰ বদন হৈবেক শ্ৰেষ্ঠ অমূল্য।
ৰাম ৰাম ৰাম ৰাম বুলি ৰামতে ৰমোহো সৰ্ব্বক্ষণে
জানা ৰাম নাম সহস্ৰ নামৰ তুল্য।। ৬০২
বেদাগম আদি কৰি যত বিস্তৰ শাস্ত্ৰত নাহি কাজ
বিস্তৰ তীৰ্থত নাহি কিছু প্ৰয়োজন।
সংসাৰ তৰিতে খোজা যেৱে আপুন মোক্ষৰ হেতু তেৱে
গোৱিন্দ গোৱিন্দ বেকতে বোলা বচন।। ৬০৩
মাধৱে বোলন্ত ধনঞ্জয় মহা দুৰাচাৰো আতিশয়
আন দেৱ তেজি মোকেসে মাত্ৰ ভজয়।
তাকেসে পৰম সাধু বুলি মানিবা মনত সৰ্ব্বক্ষণে
যিহেতু সাম্যকে কৰিল মোক নিশ্চয়।। ৬০৪
ভক্তিৰ মহিমা বিপৰীত অধৰ্ম্ম তেজিয়া ধৰ্ম্ম চিত্ত
হোৱে শীঘ্ৰে মোক ভজি জানা কুন্তী সুত।
আক যি কুতৰ্কী নমানয় তথা গৈয়া বায়ো বাদ্যচয়
বাহু মেলি কৰা অঙ্গীকাৰ অদভুত।। ৬০৫
মোহোৰ পৰম ঈশ্বৰৰ দুৰাচাৰ ভক্তো নুহি নষ্ট
কিন্তু সিটো ভক্ত কৃতাৰ্থ আতি হোৱয়।
তোমাৰ প্ৰগলভ প্ৰৌঢ়ি শুনি সমস্তে কুতৰ্ক পৰিহৰি
গুৰুত্বে তোমাক কৰিবে সৱে আশ্ৰয়।। ৬০৬
আমাৰ নিৰ্ম্মল ভকতিত দুৰাচাৰো তাৰে কোন চিত্ৰ
আমাক ভজিয়া চাণ্ডালো তৰে সংসাৰ।
স্ত্ৰী শূদ্ৰ বৈশ্য আদি যত বিষয়ত মাত্ৰ সদা ৰত
মোক ভজি সুখে ইসৱে হোৱে উদ্ধাৰ।। ৬০৭
ব্ৰাহ্মণ ক্ষত্ৰিয় পুণ্য তনু মোক ভজি তৰিবেক পুনু
আত অদভুত নাহিকে কোনো সংশয়।
ৰাজ ঋষি তনু আছা পায়া অনিত্য অসুখ লোক জানি
আতি শীঘ্ৰে মোক ভজা সখি ধনঞ্জয়।। ৬০৮
মোতে মাত্ৰ সদা দিয়া মন মোৰ ভক্ত হোৱা সৰ্ব্বক্ষণ
মোক পূজা মোকে মাত্ৰ কৰা নমস্কাৰ।
কহিলো তোমাত সত্য বাণী পাইবা সুখে মোক মহামানী
তুমি প্ৰিয়তম সুহৃদ সখি আমাৰ।। ৬০৯
ভগৱন্ত দেৱ নিগদতি শুনিয়ো অৰ্জ্জুন মহামতি
তোমাত কহঞো পৰম ইটো ৰহস্য।
ঐশ্বৰ্য্য বিভূতি বল সমে জানে যিটো মোক নৰোত্তমে
সিও ভৈল মোৰ তাৰ ভৈলো মঞি বশ্য।। ৬১০
অসম্মূঢ়ভাৱে যিটোজনে উত্তম পুৰুষ মোক মানে
তাকে সৰ্ব্ববেত্তা বুলিয় সখি অৰ্জ্জুন।
সিটো সমস্তকে পৰিহৰি কায় বাক্য মনে যত্ন কৰি
ভজয় আমাক পুৰুষ সিটো নিপুণ।। ৬১১
মোতে হন্তে হোৱে চৰাচৰ মোতেসে প্ৰৱৰ্ত্তে নিৰন্তৰ
ইহাক অৰ্জ্জুন জানে যিটো মহাজন।
পৰম বিবেকী সিটোজন মোৰ ভাৱে হুয়া যুক্তমন
মোকে মাত্ৰ ভজে শ্ৰৱণ কৰি কীৰ্ত্তন।। ৬১২
মোতেসে কেৱলে দিয়া চিত্ত মোতে মাত্ৰ প্ৰাণ অৰ্পি নিত
অন্যো অন্যে মিলি মোকেসে বোধ কৰাৱে।
মোকে মাত্ৰ কহে সৰ্ব্বক্ষণে পৰম সন্তোষ লভি মনে
আনন্দ সাগৰে মজি ৰহে প্ৰেমভাৱে।। ৬১৩
ৰহস্যক জানে যিটো লোক সততে কীৰ্ত্তন কৰে মোক
ধৰি দৃয় ব্ৰত কৰি যত্ন বিপৰীত।
মোৰ সৰ্ব্বোত্তম দুই পাৱে কৰে নমস্কাৰ ভক্তিভাৱে
তাৰ মোৰ এৰা এৰি নাহি কদাচিত।। ৬১৪
মাধৱে কহন্ত অৰ্জ্জুনত শুনা ইটো পৰমাৰ্থ তত্ত্ব
ভকতেসে মোৰ মহিমা জানে নি:শেষ।
তত্বৰূপে সখি জানি মোক তৰিবা দুৰ্ঘোৰ দুখ শোক
অন্তকালে গৈয়া আহ্মাত হোৱে প্ৰৱেশ।। ৬১৫
কৃষ্ণ নিগদতি সব্যসাচী পৰমাৰ্থ তত্ত্ব লৱা বাছি
সুদৃঢ় বিশ্বাসে শৰণ লৈয়ো আহ্মাত।
মোতে মাত্ৰ সদা দিয়া চিত্ত গায়ো মোৰ গুণ নাম গীত
সকলে শাস্ত্ৰৰ কহিলো সাৰ সাক্ষাত।। ৬১৬

ভগৱন্ত ভক্তি যুক্ত পুৰুষৰ আত্ম বোধ
মাধৱৰ প্ৰসাদে মিলয়।
কৃষ্ণৰ কৃপাত জানা গুচয় সংসাৰ বন্ধ
এহিমানে গীতাৰ নিৰ্ণয়।। ৬১৭
মাধৱৰ প্ৰসাদে মিলয়।
কৃষ্ণৰ কৃপাত জানা গুচয় সংসাৰ বন্ধ
এহিমানে গীতাৰ নিৰ্ণয়।। ৬১৭
।। লেছাৰি ।।
জানা শ্ৰীৰাম নামে নিজ সমস্ত শাস্ত্ৰৰে মূল বীজ
সঞ্জীৱনী প্ৰায় যাৰ মনে প্ৰৱেশয়।
যদি হলাহল পান কৰে প্ৰৱল বহ্নিক যদি পৰে
মৃত্যুৰ মুখত প্ৰৱেশিলে নাহি ভয়।। ৬১৮
পূৰ্ণ শশী পূৰ্ণ দুগ্ধ সিন্ধু সিমত প্ৰকাশ নকৰয়
কমনীয় লক্ষ্মী বদনো সিমত নয়।
ঈশ্বৰ কৃষ্ণৰ পাদপদ্ম ভজি স্পৃহাহীন ভৈলা সিটো
সিটো মনগোটে যিমতে শোভা কৰয়।। ৬১৯
শ্ৰীমুকুন্দৰ নাম গুণ কীৰ্ত্তন প্ৰকাশে যি দিশত
পি দিশক প্ৰতি নমস্কাৰ যিটো কৰে।
চিদানন্দ ঘন স্বৰূপত ঈশ্বৰ কৃষ্ণত নিত্যাগত
পৰম আনন্দ কৰে সিটো সাধু নৰে।। ৬২০
হৰি ভক্তি ৰাজ মাৰ্গে গুৰু পদ নখ চন্দ্ৰ প্ৰকাশিত
শ্ৰুতি জননীৰ পদ পন্থ অনুসৰি।
ফুৰো হুয়া আমি আনন্দিত স্খলন নাহিকে কদাচিতে
মহাজনসৱ জানিয়া নিশ্চয় কৰি।। ৬২১

।। নিন্দা ।।
শ্ৰীমন্ত শঙ্কৰে প্ৰকাশিলা গোৱিন্দ গুণ নাম যশ
জগতৰ লোকে পৰম আনন্দে গাৱে।
হেনয় শঙ্কৰ গুৰু বিনে কমন কাৰণে আন জনে
লোকৰ মাজত আপুনি গুৰু বোলাৱে।। ৬২২
বিষ্ণুৰ সহস্ৰ নাম সদা আছন্ত জিহ্বায়ে তাক এড়ি
সদায় বিৰোধ বচন মাত্ৰ ৰটয়।
বিষ্ণু বুদ্ধি তত্ত্ব পৰিহৰি আসন্ত বস্তুত ৰতি কৰি
যেন বেশ্যা জাৰ পতিত মাত্ৰ ৰময়।। ৬২৩
সমস্তৰে আদি নৰতনু উদ্যম কৌটিয়ো নপায় পুনু
কোনো ভাগ্যোদয়ে পায়া নাৱ দৃঢ় আতি।
গুৰু ভৈলা তাত কৰ্ণধাৰ কৃষ্ণ ভৈলা অনুকূল বায়ু
তথাপি সংসাৰ নতৰয় আত্মঘাতী।। ৬২৪
মাধৱে বোলন্ত শ্ৰুতি স্মৃতি মোৰ আজ্ঞাবাণী জানা নিষ্টি
যিটোজনে আক উলঙ্ঘিয়া প্ৰৱৰ্ত্তয়।
ভৈল সিটো মোৰ আজ্ঞাছেদী মোক দ্বেষ কৰিলেক আতি
মোৰ ভক্ত হন্তো বৈষ্ণৱ সিটো নোহয়।। ৬২৫
যত উগ্ৰ তপ জ্ঞান গুণ যাগ যোগ যজ্ঞ দান পুণ্য
কিবা প্ৰয়োজন সাধিবেক তাসম্বাৰ।
কৃষ্ণ জগতৰ গুৰু নিষ্ঠ মোক্ষ সুখপ্ৰদ দেৱ ইষ্ট
তাহান চৰণে ভকতি নাহিকে যাৰ।। ৬২৬
শিশুৰ বিষয় আশা আগ যুৱা সেৱা কৰে পায়া লাগ
বৃদ্ধে ভোগ কৰি পিঠি দিলে বিষয়ক।
হৰি ভকতিক পৰিহৰি বৃদ্ধে বিষয়ক টেৰ কৰি
পুনু পালটিয়া নিৰেখি আছে কিসক।। ৬২৭
বালকে কৰোক বহুমান যুৱায়ে সেৱোক পাৰেমান
বৃদ্ধে বিষয়ৰ বহিৰ্ভুত হুয়া গৈল।
ভোগ কৰিবাক নপাৰয় তথাপিতো আশা নছাড়য়
হৰি হৰি হৰি কিনো বিপৰীত ভৈল।। ৬২৮
বৃদ্ধসৱে জানা বিষয়ক ভোগ কৰিবাক নপাৰয়
ভক্তিহীন বৃদ্ধে তেজিতে সামৰ্থ নয়।
দশনবিহীন কুত্তা যেন হাড় চোবাইবাক নপাৰয়
জিহ্বা লড়বড় কৰি মাত্ৰ চেলেকয়।। ৬২৯
বৈষ্ণৱ নিন্দক সূচকক বিষ্ঠা লুটা গ্ৰাম্য শূকৰক
বিধাতায়ে দুইকো স্ৰজিলন্ত দায়াতৰে।
সূচকে জানিবা নিৰন্তৰে সাধুসকলক শুদ্ধি কৰে
যিমতে শূকৰে গ্ৰামক শোধন কৰে।। ৬৩০
মৃগ মীন মহাসাধু নৰে মনৰ সন্তোষে তৃণ জলে
হিংসাশূন্য হুয়া থাকক জীৱন ধৰি।
তথাপিতো ইটো ত্ৰিতয়ৰ কৈৱৰ্ত পিশুন ব্যাধসৱে
ইটো জগতত তিনি অকাৰণ বৈৰী।। ৬৩১
সমস্তৰে আত্মা নাৰায়ণ আত্মসুখে ৰতি সৰ্ব্বক্ষণ
এহি হেতু হৰি সমস্তে প্ৰাণীতে সম।
তাঙ্ক যিটো ভজে সুখে তৰে নভজি সংসাৰে মজি মৰে
কৃষ্ণক বিষম বোলয় কোন অধম।। ৬৩২

।। আত্ম নিন্দা ।।
হৰিসে কেৱল সঞ্চা মাত্ৰ ৰাম ৰাম ৰাম ৰাম ৰাম
তান্ত বিনে মিছা যত দেখি শুনি মানে।
তাক যিটো মিছা কৰি আশা ৰাম ৰাম ৰাম ৰাম ৰাম
দুৰাচাৰ মন মৰস কেনে অজ্ঞানে।। ৬৩৩
তান্ত বিনে মিছা যত দেখি শুনি মানে।
তাক যিটো মিছা কৰি আশা ৰাম ৰাম ৰাম ৰাম ৰাম
দুৰাচাৰ মন মৰস কেনে অজ্ঞানে।। ৬৩৩
।। মহিমা ।।
ৰা শৱদক উচ্চাৰন্তে ৰাম ৰাম ৰাম ৰাম ৰাম
মুখ হন্তে বাজ হুয়া পলায় পাপমানে।
পূণ্যমানে হোৱে অভ্যন্তৰে ৰাম ৰাম ৰাম ৰাম ৰাম
ম বুলি আতি কপাট মাৰয় টানে।। ৬৩৪
কৃষ্ণ প্ৰিয়তম আত্মা নিজ ৰাম ৰাম ৰাম ৰাম ৰাম
যাত হন্তে অণুমাত্ৰকো ভয় নুশুনি।
আক যিটো জানে সেহিজনে ৰাম ৰাম ৰাম ৰাম ৰাম
বিদ্যিৱন্ত গুৰু সেহিসে হৰি আপুনি।। ৬৩৫
অনন্ত শকতি তুমি ৰাম লক্ষ্মণ সুগ্ৰীৱ বিভীষণ
হনুমন্ত আদি মহা মহা বীৰগণে।
আনি তৰু লতা পৰ্ব্বতক কতেক যোজন সমুদ্ৰক
সেতু বান্ধি পাৰ ভৈলাহা মহা যতনে।। ৬৩৬
হে প্ৰাণ প্ৰভু ৰঘুপতি ৰাম ৰাম ৰাম ৰাম ৰাম
তোমাক কৰিয়া তযু গুণ নাম ছাৰ।
বিনা সেতু বন্ধ কৰি নৰে ৰাম ৰাম ৰাম ৰাম ৰাম
অপাৰ সংসাৰ সমুদ্ৰৰ হোৱে পাৰ।। ৬৩৭
কৃষ্ণ কৃষ্ণ কৃষ্ণ বুলি যিটো অন্তকালে নিজ প্ৰাণ তেজে
আদ্যৰ শৱদে মুকুতি তাঙ্ক দিয়য়।
আৰ আক কিবা দিবো বুলি আউৰ দুই পদে লজ্জা হুয়া
ঋণী ভৈলো বুলি নমাইয়া মাথা থাকয়।। ৬৩৮
হে কৃষ্ণ তযু পদ মূলে একান্ত শৰণ লৱে যিটো
কোন লাভ ইটো এৰাইবা কালৰ ভয়।
তযু ভকতৰ সঙ্গগোটে সৰ্ব্ব পুৰুষাৰ্থ ৰাশি শিৰে
চড়িয়া কৌতুকে অত্যন্ত নৃত্য কৰয়।। ৬৩৯
পৰম দুৰ্ব্বোধ আত্ম তত্ব তাৰ জ্ঞান অৰ্থে হৰি যত
লীলা অৱতাৰ ধৰা তুমি কৃপাময়।
তাহান চৰিত্ৰ সুধাসিন্ধু তাতে ক্ৰীড়া কৰি দীনবন্ধু
চাৰি পুৰুষাৰ্থ তৃণৰ সম কৰয়।। ৬৪০
উৰুক্ৰম পদ ৰেণু সেৱি ছয় উৰ্মি জিনিলেক যিটো
সিটো পুৰুষৰ জানিবা আশ্চৰ্য্য নাই।
তাকেসে আশ্চৰ্য্য বুলি ধৰি যাৰ নাম একবাৰ স্মৰি
চাণ্ডালো সম্পত্তি সংসাৰ বন্ধ এড়ায়।। ৬৪১
কৃষ্ণক বোলন্ত ধনঞ্জয় তোমাৰ কীৰ্ত্তনে কৃপাময়
আতি অনুৰাগে জগতে কৰে হৰিষ।
তোমাৰ কীৰ্ত্তন অগনিৰ শিখাৰে দগধ হুয়া আতি
ৰাক্ষস পিশাচ পলাই যায় দশো দিশ।। ৬৪২
ভক্তি সৰোবৰে কৃষ্ণপদ পঙ্কজত পৰি নিৰন্তৰে
পৰম আনন্দে ভকত ভ্ৰমৰা জাকে।
কৃষ্ণ যশ ৰস মধু পানে মত্ত হুয়া আতি সাৱধানে
ৰাম নাম ৰাজহংস ৰাৱ শুনি থাকে।। ৬৪৩
ঐকান্তিক মহামুনি যত নিৱৰ্ত্তিয়া বিধি নিষেধত
নিৰ্গুণ ভাৱত থিতি হুয়া নিৰন্তৰে।
জানি পুৰুষাৰ্থ সাৰ তত্ত্ব কৃষ্ণ কথামৃত সাগৰত
কথনে মথনে সদায়ে ৰমণ কৰে।। ৬৪৪
হৰিৰ গুণৰ দেখা বল লভিলেক যিটো মোক্ষ ফল
তাহাৰাসৱৰো চিত্তক আনয় টানি।
এতেকে নিপুণ যিটোজন কৃষ্ণৰ চৰণে দিয়া মন
হৰিৰ গুণক নছাড়িয়া সাৰ জানি।। ৬৪৫
শুক নিগদতি পৰীক্ষিত যদি আমি নিৰ্গুণত থিত
তথাপি উত্তম শ্লোকৰ মহিমা গুণে।
কৰিলেক মোক বশ্য চিত্ত ভাগৱত গ্ৰন্থ বিপৰীত
পৰম আনন্দে পঢ়িলো আমি আপুনে।। ৬৪৬
তোমাত কহিবো সেহি শাস্ত্ৰ তুমি আক শুনিবাৰ পাত্ৰ
মহাপুৰুষৰ সেৱক তুমি সম্প্ৰতি।
ই শাস্ত্ৰত শ্ৰদ্ধা মাত্ৰকত মুকুন্দৰ পদ পঙ্কজত
আতি শীঘ্ৰে তাৰ হুইবে জানা সতী মতি।। ৬৪৭
সৃষ্টি স্থিতি প্ৰলয়ৰ হেতু অনন্ত বিচিত্ৰ কৰ্ম্ম হৰি
কৰা যিটো তাক গাৱে শুনে প্ৰশংসয়।
অপৱৰ্গ দাতা ভগৱন্ত তাহান চৰণ পঙ্কজত
তিনিৰো নিছয় উত্তম ভক্তি হোৱয়।। ৬৪৮

।। নাম মহিমা ।।
হৰি কীৰ্ত্তনৰ তাপ লাগি পলায় পাপ দশো দিশে ভাগি
হেৰা পাইলে বুলি ভয়ত ভিড়ি লৱড়ে।
ব্ৰহ্মাণ্ড ভিতৰে নপাই ঠাই আউৰ ব্ৰহ্মাণ্ডক পলাই যায়
নামে খেদি নেন্তে ব্ৰহ্মাণ্ডোপৰি বাগৰে।। ৬৪৯
পাছে পাছে হৰি নামে খেদে একো ব্ৰহ্মাণ্ডত থান নেদে
মহা মহা পাতেকৰ গৰ্ব্ব ভৈল দূৰ।
এৱে কৈক যাইবো বুলি ডৰি কাম্পে সৱে পাপ তৰতৰি
হৰি নামে পাই দহি কৰিলেক চুৰ।। ৬৫০
নামে পুৰুষক শুদ্ধ কৰি ৰৈল নাম তাতে ভৰি পূৰি
ধৰ্ম্মময় তনু ভৈগৈল হৰি ভকত।
হৰিৰ কৰুণা ভৈলা তাক উচ্চ কৰি দিয়া হৰি ডাক
পৰম সন্তোষে নাচে আতি আনন্দত।। ৬৫১
শুদ্ধে বা অশুদ্ধে এক নাম বোলে বা শুনে বা মনে স্মৰে
অপৰাধহীন পুৰুষক সদ্যে তাৰে।
দেহ ধন জন অৰ্থ লোভে পাষণ্ড বুদ্ধিয়ে যিটো লৱে
সেহি হৰি নামে তাৰিতে শীঘ্ৰে নপাৰে।। ৬৫২

।। স্তুতি ।।
বাসুদেৱ নিগদতি হাসি সাক্ষাতে বিদিত ভৈলা আসি
তুমিসি পুৰুষ প্ৰকৃতিতো কৰি পৰ।
সমস্তে জীৱৰ বুদ্ধি সাখী কেৱল আনন্দ অনুভৱ
স্বৰূপে সুখৰ সাগৰ দেৱ ঈশ্বৰ।। ৬৫৩
হে কৃষ্ণ যত জীৱ নিত্য তিনি তাপে হুয়া সন্তাপিত
দুৰ্ঘোৰ সংসাৰ তাপত পৰি আছয়।
তযু পদ শ্বেত ছত্ৰ প্ৰায় অমৃত বৰিষে সৰ্ব্বদায়
তাৰ ছায়া বিনে নেদেখো আৰ আশ্ৰয়।। ৬৫৪
বলি নিগদতি যদুপতি ৰাম ৰাম ৰাম ৰাম ৰাম
কিনো কৃপা মোক কৰিলাহা নাৰায়ণ।
দেৱৰো দুৰ্ল্লভ আতিশয় ৰাম ৰাম ৰাম ৰাম ৰাম
গৃহতে থাকিয়া দেখিলো তযু চৰণ।। ৬৫৫

।। শৰণ ।।
শোক মোহ মহাপঙ্ক মাজে অৰ্জ্জুন মগন ভৈলা দেখি
পৰম ঈশ্বৰ দৈৱকী নন্দ নন্দন।
কৃপায়ে ঈশ্বৰ তত্ত্ব কহি উদ্ধাৰিলা নিজ ভকতক
হেন ঈশ্বৰৰ চৰণে লৈলো শৰণ।। ৬৫৬
পৰম ঈশ্বৰ দৈৱকী নন্দ নন্দন।
কৃপায়ে ঈশ্বৰ তত্ত্ব কহি উদ্ধাৰিলা নিজ ভকতক
হেন ঈশ্বৰৰ চৰণে লৈলো শৰণ।। ৬৫৬
।। নমস্কাৰ ।।
হে কৃষ্ণ ধনঞ্জয় সখা বৃষ্ণি কুল শ্ৰেষ্ঠ দুষ্ট ৰাজা
বংসৰ দহন অনন্ত বীৰ্য্য গোৱিন্দ।
গো বিপ্ৰ দেৱ দুখহাৰী যোগেশ্বৰ সমস্তৰ গুৰু
নমো ভগৱন্ত তযু পদ অৰৱিন্দ।। ৬৫৭
বংসৰ দহন অনন্ত বীৰ্য্য গোৱিন্দ।
গো বিপ্ৰ দেৱ দুখহাৰী যোগেশ্বৰ সমস্তৰ গুৰু
নমো ভগৱন্ত তযু পদ অৰৱিন্দ।। ৬৫৭
।। প্ৰাৰ্থনা ।।
ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম ৰাম ৰাম ৰাম ৰাম
মায়াশয্যা মাজে আছয় ঘুমটি যাই।
তুমিসে চৈতন্য সনাতন ৰাম ৰাম ৰাম ৰাম ৰাম
আমি অচেতন নিয়োক নাথ জগাই।। ৬৫৮
ক্ষুদ্ৰ সুখে বহু আশা কৰি ভৱ কূপে জীৱ আছে পৰি
কালসৰ্পে দংশি হৰাইল চেতন তাৰ।
মোক্ষ ৰূপ তযু বাক্যামৃত কৃপায়ে সিঞ্চিয়া প্ৰতি নিত
দয়াময় কৃষ্ণ কৰিয়ো মোক উদ্ধাৰ।। ৬৫৯
সৰোবৰে গ্ৰাহে ধৰি আছে গজেন্দ্ৰে পীড়াক পায়া পাছে

আকাশে গৰুড় স্কন্ধে চক্ৰ ধৰি হৰি।
দেখি সুৱৰ্ণৰ পদ্ম ধৰি বোলে দুখে আৰ্ত্তনাদ কৰি
নামো ভগৱন্ত গুৰু লৈয়ো দাস কৰি।। ৬৬০
মধু ৰিপু ৰাম ৰঘুপতি তুমি ভকতৰ নিজ গতি
তোমাৰ চৰণে শৰণ কৰিলো সাৰ।
নমো দেৱ দীন দুখহাৰী দায়াশীল দামোদৰ প্ৰভু
আমি দুখিতক চৰণে কৰা উদ্ধাৰ।। ৬৬১
হে কৃষ্ণ তযু পাদপদ্ম পঞ্জৰ ভিতৰে মোৰ মন
ৰাজহংস পশি থাকোক প্ৰভু সৰ্ব্বথা।
প্ৰাণ প্ৰয়াণৰ সময়ত কফ বাত পিত্ত আদি যত
কন্ঠ নিৰোধনে তোমাৰ স্মৰণ কথা।। ৬৬২
হে কৃষ্ণ পুত্ৰ পত্নী সঙ্গ তেজি তযু পদ চিন্তি নিত
গৰ্ব্বশূণ্য সন্তসৱৰ আশ্ৰমে যাইবো।
তাসম্বাৰ মুখপদ্মে বাজ হুইবে তযু কথামৃত নদী
তাতে মগ্ন হুয়া দেহাৰ হাত এড়াইবো।। ৬৬৩

।। তাৎপৰ্য্য ।।
চাৰিও বেদৰ চাৰি অক্ষৰ সাৰ কাঢ়ি আনি ব্ৰহ্মাদেৱে
বেকত কৰিয়া থৈলা নাৰায়ণ বাণী।
সেহি নাৰায়ণ নাম গায়া শুদ্ধ কৰো আমি চিত্ত কায়া
হৰি সন্তোষৰ কাৰণ আন নজানি।। ৬৬৪
একেখানি মাত্ৰ শাস্ত্ৰ নিষ্ঠ দৈৱকীনন্দনে কৈলা যাক
দেৱো একে মাত্ৰ দৈৱকী দেৱীৰ সুত।
দৈৱকী পুত্ৰৰ পদ সেৱা কৰ্ম্মো একে এহিমানে মাত্ৰ
মন্ত্ৰো একে তান নাম মাত্ৰ অদভুত।। ৬৬৫
কৃষ্ণ যশে চিত্ত ধৌত হুয়া সমস্তে ক্লেশক তৰি পুনু
কৃষ্ণদাসে কৃষ্ণ চৰণ মূল নেড়য়।
সকলে সম্পূৰ্ণ নিজ গৃহ পথিকসকলে পায়া পুনু
দুখ এৰাই যেন যিটো গৃহ নছাড়য়।। ৬৬৬
সকলে উপনিষদ ধেনু দোগ্ধা ভৈলা তানে নন্দসুত
তাৰ বৎস ভৈলা কুন্তীসুত ধনঞ্জয়।
দুগ্ধ ভৈল মহা গীতামৃত কৃষ্ণৰ চৰণে দিয়া চিত্ত
সুবুদ্ধিসকলে সন্তোষে পান কৰয়।। ৬৬৭

।। বস্তু প্ৰকাশ ।।
আদি সত্য যুগে শুদ্ধ ধৰ্ম্ম আছিলেক মাত্ৰ হৰি নাম
দেৱসৱে গুপ্ত কৰিলে কৰি কপট।
হেন হৰি নাম ব্যক্ত কৰি সমস্তে লোকক উদ্ধাৰিলা
শ্ৰীমন্ত শঙ্কৰে ভাঙ্গিলা সৱাৰো পট।। ৬৬৮
দেৱসৱে গুপ্ত কৰিলে কৰি কপট।
হেন হৰি নাম ব্যক্ত কৰি সমস্তে লোকক উদ্ধাৰিলা
শ্ৰীমন্ত শঙ্কৰে ভাঙ্গিলা সৱাৰো পট।। ৬৬৮
।। আশ্ৰয় ।।
নোহো জানা আমি চাৰি জাতি চাৰিয়োআশ্ৰমী নোহে আতি
নোহো ধৰ্ম্মশীল দানব্ৰত তীৰ্থগামী।
কিন্তু পূৰ্ণানন্দ সমুদ্ৰৰ গোপীভৰ্ত্তা পদ কমলৰ
দাসৰ দাস তান দাস ভৈলো আমি।। ৬৬৯
নোহো ধৰ্ম্মশীল দানব্ৰত তীৰ্থগামী।
কিন্তু পূৰ্ণানন্দ সমুদ্ৰৰ গোপীভৰ্ত্তা পদ কমলৰ
দাসৰ দাস তান দাস ভৈলো আমি।। ৬৬৯
।। প্ৰশংসা ।।
সেহি ধন্য লোক শুচিমন্ত সৰ্ব্ব গুণে শ্ৰেষ্ঠ বিদ্যাৱন্ত
যজ্ঞে তপে সিসিজন আতি শুদ্ধমতি।
সিসিজন মহাদাতা জ্ঞানী সিসি সত্যবাদী মহামানী
পুৰুষোত্তম আছয় যাৰ ভকতি।। ৬৭০
যজ্ঞে তপে সিসিজন আতি শুদ্ধমতি।
সিসিজন মহাদাতা জ্ঞানী সিসি সত্যবাদী মহামানী
পুৰুষোত্তম আছয় যাৰ ভকতি।। ৬৭০
।। মহিমাযুক্ত কীৰ্ত্তন প্ৰশংসা ।।
যিদিশত মহিভক্তসৱে শ্ৰীমন্ত কমল লোচনৰ
পৰম সন্তোষে কীৰ্ত্তন যিটো কৰয়।
সিদিশক নমস্কাৰ কৰি দুৰ্ঘোৰ সংসাৰ সুখে তৰি
আপুনি অচ্যুত স্বৰূপ সিটো হোৱয়।। ৬৭১
ৰমানন্দ পদযুগলৰ মকৰন্দ মধু ব্ৰত প্ৰায়
ভকত সকলে যিদিশত প্ৰকাশয়।
সিদিশ জানিবা গঙ্গাদেৱী অনেক প্ৰৱাহৰূপে সেৱি
পৰম নিৰ্ম্মল স্বৰূপে শোভা কৰয়।। ৬৭২
শ্ৰীমধুদ্বিষ ঈশ্বৰৰ কীৰ্ত্তন মঙ্গল নিৰন্তৰ
যিটো ভূমিভাগে শুদ্ধ ৰূপে হোৱে জাত।
তাৰ ধূলি যিটো শিৰে ধৰে নিশ্চয় জানিবা সিটো নৰে
কৃষ্ণৰ পৰম বল্লভ হোৱে সাক্ষাত।। ৬৭৩
হে দেৱ মহেশ্বৰ হৰি তযু কথামৃত পান কৰি
বঢ়ায়া ভকতি মনক শুদ্ধ কৰয়।
বৈৰাগ্যেসে সাৰ ভৈলা যাৰ হেনয় বোধক লভি পুনু
পৰম নিৰ্ম্মল বৈকুণ্ঠ গৈয়া পাৱয়।। ৬৭৪
হৰি সত্য নিত্য ভগৱন্ত নাহি পূৰ্ব্বাপৰ আদি অন্ত
তাহান চৰিত্ৰ পৰম আনন্দ ৰস।
তাক এৰি মন দুৰাশয় যতেক বিষয় বিষময়
তাকে আশা কৰি সংসাৰে মজি মৰস।। ৬৭৫
মহন্ত সৱৰ সঙ্গ লৈয়া হৰিত একান্ত চিত্ত দিয়া
পৰম আনন্দে গায়ো হৰি গুণ নাম।
সহজে কৃপালু দেৱ হৰি লৈবা আপোনাৰ দাস কৰি
হৰি দাস ভৈলে হৈবা ভাই পূৰ্ণ কাম।। ৬৭৬

।। নামৰ অন্বয় ।।
কৃষ্ণ নিগদতি অৰ্জ্জুনত দেহাদিক আমি অতিক্ৰমি
হৈয়া আছো শুদ্ধ ব্ৰহ্মতো কৰি উত্তম।
এতেকেসে জানা ইটো লোকে বেদত প্ৰখ্যাত হুয়া আছে
মোৰ নাম ইটো প্ৰসিদ্ধ পুৰুষোত্তম।। ৬৭৭
হৈয়া আছো শুদ্ধ ব্ৰহ্মতো কৰি উত্তম।
এতেকেসে জানা ইটো লোকে বেদত প্ৰখ্যাত হুয়া আছে
মোৰ নাম ইটো প্ৰসিদ্ধ পুৰুষোত্তম।। ৬৭৭
।। উপদেশ ।।
দিয়া দুখময় সংসাৰৰ পাৰ কৰে।
হেনয় পৰম গুৰু ঋণ শুজিবাক প্ৰতি জানা নিষ্ট
অন্যত্ৰ উপায় নাহি অঞ্জলিত পৰে।। ৬৭৮
হৰি ভক্তি দাতা গুৰু ঋণ শুজিবাক যিটো অহংকাৰী
অনেক যতনে মনত আলোচে মাত্ৰ।
ঋণ শুজিবাক নপাৰয় জানিবাহা সিটো দুৰাশয়
উপলা সদৃশ বিনোদৰ ভৈল পাত্ৰ।। ৬৭৯
হৰি যেন আতি কৃপাময় ভক্ত গুৰুজনো সেহি নয়
দুয়োজন এক শৰীৰত মাত্ৰ ভিন্ন।
কৃপা ৰসে তুষ্ট হুয়া চিত্ত লোকৰ হিতক চিন্তি নিত
নিজ গুণে তুষ্ট দুয়ো অহঙ্কাৰে হীন।। ৬৮০
।। খেদ ।।
আপোন নামক বহুতৰ কৰি নিজ সৰ্ব্বশক্তি দিয়া
কালৰ নিয়ম নিবিহিলা স্মৰণত।
এতাদৃশী তব কৃপা হৰি মোহৰ দুৰ্দ্দৈব দেখা কিনো
অনুৰাগ প্ৰভু নভৈল তযু নামত।। ৬৮১
কত মহাদুখে পুণ্য কৰি অপৱৰ্গ যোগ্য নৰতনু
পায়া পৃথিৱীত বিষয়ত মজি ৰৈল।
ইটো খেদ হৰি সেৱা তেজি আপুনাক আত্মঘাত কৰি
সিটো মহাপাপী আপুনি বঞ্চিত ভৈল।। ৬৮২

।। পৰম পুৰুষাৰ্থ ।।
মহা অদভুত হৰি গুণ নামময়।
পৰম মঙ্গল কৃষ্ণ যশ যাৰ পৰে আন নাহি ৰস
পৰম আনন্দ সমুদ্ৰে মজি ৰহয়।। ৬৮৩
।। ভাগৱত প্ৰশংসা ।।
ভাৰত পুৰাণ আদি যত প্ৰকাশ কৰয় নানামত
যত মহাজন সৱৰ সভামধ্যত।
পৰম আনন্দ ৰসময় কৌটি সূৰ্যসম প্ৰকাশয়
মহাভাগৱত নোহন্ত যাৱে বেকত।। ৬৮৪
যত মহাজন সৱৰ সভামধ্যত।
পৰম আনন্দ ৰসময় কৌটি সূৰ্যসম প্ৰকাশয়
মহাভাগৱত নোহন্ত যাৱে বেকত।। ৬৮৪
-----------------------------------------------------------------
মুদ্ৰক- প্ৰশান্ত শইকীয়া।
0 Comments
Please do not enter any spam link in the comment box.