নাম ঘোষা
মাধৱদেৱৰ বিষয়ে ৰচনা
শঙ্কৰী যুগৰ এগৰাকী মহান কবি হ'ল মহাপুৰুষ মাধৱদেৱ। ১৪৮৯ চনত নাৰায়ণপুৰৰ লেতেকুপুখুৰী নামৰ ঠাইৰ হৰিশিঙা বৰাৰ গৃহত মাধৱদেৱৰ জন্ম হয়। তেখেতৰ পিতৃৰ নাম গোবিন্দগিৰী আৰু মাতৃৰ নাম মনোৰমা আই। গোবিন্দগিৰী বণ্ডুকাৰ লোক আছিল। মাধৱদেৱ সৰু থাকোঁতে পিতৃ গোবিন্দগিৰী নানা সমস্যাৰ সন্মুখীন হ'ব লগীয়া হৈছিল। পুত্ৰ মাধৱৰ বয়স মাত্ৰ ছমাহমান থাকোঁতেই গোবিন্দগিৰীয়ে হৰিশিঙা বৰাৰ গৃহ ত্যাগ কৰিবলৈ বাধ্য হৈ ছমাহমান কাল বিভিন্ন ঠাইত দুৰ্ভোগ ভুগি ঘাঘৰ নদীৰ পাৰত গোবিন্দ ওৰফে ঘাঘৰ মাজিৰ ঘৰত আশ্ৰয় লয়। ইয়াতেই মাধৱৰ ভগ্নী ঊৰ্বশীৰ জন্ম হয়। চৈধ্য বছৰ কাল ঘাঘৰ মাজিৰ গৃহত থকাৰ পিছত গোবিন্দগিৰী সপৰিয়ালে ভৰালী ডুবি নামৰ ঠাইলৈ আহে। তাতেই ৰামদাসৰ লগত ঊৰ্বশীৰ বিয়া হয়। ঊৰ্বশীৰ বিয়াৰ পিছত মনোৰমা আইক জোঁৱায়েক ৰামদাসৰ ঘৰত থৈ মাধৱদেৱক লৈ গোবিন্দগিৰী বণ্ডুকালৈ যায়। তাতেই ৰাজেন্দ্ৰ অধ্যাপকৰ টোলত নাম লগায়। অতি কম দিনৰ ভিতৰতে আৰু কম বয়সতে মাধৱদেৱ শুশিক্ষিত হৈ উঠে। মাধৱদেৱে কায়স্থিকা (কাইথেলী লিপিৰ জ্ঞান) বিদ্যাও শিকিছিল। বণ্ডুকাত পাঁচ বছৰ থকাৰ পিছত পিতৃ-বিয়োগ হোৱাত মাধৱদেৱ মাজুলীত থকা মাকৰ কাষ চাপে। মাজুলীত থকা সময়তে দেৱী পূজাক লৈ ভনী-জোঁৱাই ৰামদাসৰ যোগেদি মাধৱদেৱৰ শ্ৰীমন্ত শংকৰদেৱৰ লগত সাক্ষাৎ লাভ হয়। তেতিয়া শংকৰদেৱ ধুৱা হাটত আছিল। শংকৰদেৱৰ লগত তেওঁ প্ৰবৃত্তি মাৰ্গৰ সপক্ষে যুক্তিবাদত লিপ্ত হয় আৰু শংকৰদেৱে নিবৃত্তি মাৰ্গৰ সপক্ষে যুক্তি তৰ্কত লিপ্ত হয়। শংকৰদেৱৰ নিবৃত্তি মাৰ্গৰ যুক্তিৰ ওচৰত হাৰ মানি শংকৰদেৱৰ ওচৰত শৰণ লয় আৰু একান্ত বিষ্ণু ভক্ত হৈ পৰে। ধৰ্মাচৰণত ব্যাঘাত ঘটে বুলি তেওঁ ঘৰ-সংসাৰ পতাৰ কথা মনলৈয়ে নানিলে। আনকি দেউতাকে জোৰণ পিন্ধিই থোৱা কইনাকো কৌশলেৰে ত্যাগ কৰে। শংকৰদেৱে নিজেও নিজৰ কন্যা বিষ্ণুপ্ৰিয়াক মাধৱদেৱলৈ বিয়াৰ প্ৰস্তাৱ দিছিল। কিন্তু মাধৱদেৱে কৌশলপূৰ্ণ যুক্তিৰে, চাতুৰ্যেৰে শংকৰদেৱৰ এই প্ৰস্তাৱ নাকচ কৰে।
ভক্তিধৰ্ম প্ৰচাৰৰ ক্ষেত্ৰত মাধৱদেৱ গুৰুজনাৰ সোঁহাত স্বৰূপ আছিল বুলিব পাৰি। ধৰ্ম প্ৰচাৰৰ ক্ষেত্ৰত তেওঁ নানা সমস্যাৰ সন্মুখীন হ'ব লগীয়া হৈছিল। তেওঁ দুবাৰকৈ গড়গাঁৱৰ ৰাজ-দৰবাৰত হাজিৰ হ'বলগীয়া হৈছিল। প্ৰথমবাৰ গুৰু শংকৰৰ লগত গৈ সুকলমে ঘূৰি আহে। দ্বিতীয়বাৰ শংকৰদেৱৰ জোঁৱাই হৰিৰ লগত তেওঁক গড়গাঁৱলৈ নিয়া হৈছিল। এইবাৰ স্বৰ্গদেউৰ আদেশ আওহেলা কৰাৰ অপৰাধত হৰি জোৱাই কটা গ'ল। মাধৱদেৱক কেৱলীয়া ভকত বুলি এবছৰ ৰাজধানীতে ৰাখি পিছত এৰি দিয়ে। গড়গাঁৱৰ পৰা মুকলি হৈ আহি তেওঁ গুৰুজনাৰ লগত কামৰূপলৈ আহে আৰু বৰপেটাৰ ওচৰৰ কাপলাত উপস্থিত হয়। কাপলাত ছমাহ থকাৰ পিছত তেওঁ বাৰাদিলৈ যায়। বাৰাদিত তিনি বছৰ থকাৰ পিছত কলানিকুছিত ছমাহ, নোৱাকুছিত চাৰি মাহ থকাৰ পিছত গণককুছি পায়। গণকুছিত মাধৱদেৱে ওঠৰ বছৰ কাল থাকে। গণককুছিত থকা সময়তে তেওঁ শংকৰদেৱৰ দ্বিতীয় তীৰ্থযাত্ৰাৰ সঙ্গী হৈ শ্ৰীক্ষেত্ৰ দৰ্শন কৰি উভতি আহে। তীৰ্থযাত্ৰাৰ পৰা উভতি অহাৰ পাছত শংকৰদেৱ ৰাজৰোষত পৰিবলগীয়া হয় আৰু বেহাৰৰ ৰজা নৰনাৰায়ণৰ ওচৰত উপস্থিত হয়। শংকৰদেৱ বেহাৰত থকাৰ সময়তে মাধৱদেৱে শোষবাৰৰ বাবে বণ্ডুকালৈ আহে। মাধৱদেৱ বণ্ডুকাত থাকোঁতেই শংকৰদেৱৰ তিৰোধান হয়। তেতিয়া কালিন্দী আইৰ অনুৰোধ ৰক্ষা কৰি মাধৱদেৱে পাটবাউসীত থাকিবলৈ লয়। পাটবাউসীত কিছুদিন থকাৰ পিছত সুন্দৰীদিয়াত থাকিবলৈ লয়। সুন্দৰীদিয়াত মহাপুৰুষ গৰাকীয়ে চৈধ্য বছৰ কাল থাকে। তাতো তেওঁ সুখে-শন্তিৰে ধৰ্ম প্ৰচাৰৰ কাম কৰিব পৰা নাছিল। গতিকে, সুন্দৰীদিয়া ত্যাগ কৰি বৰপেটাত থাকিবলৈ লয়। ইয়াতো তেওঁ সুখেৰে থাকিব পৰা নাছিল। এইবাৰ তেওঁ ৰজা ৰঘূদেৱৰ ৰোষত পৰিল। ৰঙিয়াল গৃহ সাজি, নটুৱা নাচ নচাই মানুহক বিপথে পৰিচালিত কৰা বুলি বিজয়নগৰলৈ ধৰাই নিয়ে। অৱশ্যে ৰজাই নিজৰ ভুল বুজি পাই মাধৱদেৱক সসন্মানে মুকলি কৰি দিয়ে। ইয়াৰ পিছত তেওঁ কিছুদিন হাজোত থাকি কোচবিহাৰলৈ গৈ ভেলাত সত্ৰ পাতে। ইয়াতো তেওঁৰ বিৰুদ্ধে কাজী নামৰ বিষয়া এগৰাকী উঠি-পৰি লাগে। অৱশ্যে কাজীয়ে নিজৰ ভুল বুজি পাই মাধৱত শৰণ লয়। কোচ ৰজা লক্ষ্মীনাৰায়ণেও তেওঁৰ ধৰ্ময়েই ৰাজ্যত প্ৰৱৰ্তিত হ'ব বুলি মাধৱদেৱক আশ্বাস দিয়ে। এনেদৰে ভক্তিধৰ্ম এসময়ত ৰাজধৰ্ম হৈ পৰে। ভেলাত থাকোঁতেই মাধৱদেৱৰ দেহা পৰি আহিবলৈ ধৰে আৰু ১৫১৮ শকৰ ভাদ মাহৰ সাতাইশ তাৰিখে মাধৱদেৱে ইহলীলা সম্বৰণ কৰে।
গুৰুজনাৰ পদাঙ্ক অনুসৰণ কৰি মাধৱদেৱে সাহিত্য ৰচনাত ব্ৰতী হয় আৰু ভক্তি ধৰ্মৰ গুৰি-বঠা ধৰে। বিষয়বস্তু আৰু ৰূপ অনুসৰি মাধৱদেৱৰ ৰচনাৱলীক
১/ আখ্যানমূলক
২/ তত্বমূলক
৩/ নাট আৰু
৪/ গীত- এই চাৰি ভাগত ভাগ কৰা হয়।
নাম ঘোষা
নামঘোষা মাধৱদেৱৰ ভক্ত জীৱনৰ শ্ৰেষ্ঠতম নিদৰ্শন। আসমৰ ভক্তি সাহিত্যৰ ই এক অন্যতম সম্পদ। চৰিত পুথিত উল্লেখ আছে যে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে শেষবাৰৰ বাবে বেহাৰলৈ যোৱাৰ আগতে মাধৱদেৱক কৈছিল, "নাহো মানে আৰু এখনি ঘোষা নামে প্ৰেমভক্তি গ্ৰন্থ কৰিবা, আমাৰ পাছত যেন ৰৌবৰালিৰে আৰু ডনিকা ৰয় জেন কৈ।"সেই আজ্ঞা অনুসৰি শংকৰদেৱৰ মহাপ্ৰয়াণৰ পিছত সুন্দৰীদিয়াত থকা কালত মাধৱদেৱে নাম-ঘোষা ৰচনা কৰে। ইয়াত এহেজাৰ ঘোষা আছে বাবে ইয়াক হেজাৰী ঘোষাও বোলা হয়। এই এহেজাৰ ঘোষাৰ ভিতৰৰ প্ৰায় ছশমান শ্লোক অনুবাদমূলক। ভাগৱত পুৰাণ, ভাগৱদগীতা, বিষ্ণু পুৰাণ, বামন পুৰাণ, বৃহন্নাৰদীয় পুৰাণ আদি বিভিন্ন সংস্কৃত গ্ৰন্থৰ পৰা এইবোৰ চয়ন কৰা। ইয়াৰ অনুবাদবোৰ ইমান প্ৰাঞ্জল যে ইয়াক সহজে অনুবাদ বুলি ক'ব নোৱাৰি। তেওঁৰ ৰচনা ভক্ত হৃদয়ৰ আকুতিৰে পৰিপূৰ্ণ।
লিখনশৈলীৰ পৰিপক্কতালৈ লক্ষ্য কৰি নাম-ঘোষা মহাপুৰুষ মাধৱদেৱৰ জীৱনৰ শেষৰ ফালৰ ৰচনা বুলি পণ্ডিতসকলে ঠাৱৰ কৰিছে। সেইবাবে বাণীকান্ত কাকতি দেৱে নামঘোষাক মাধৱদেৱৰ মহাপ্ৰস্থানিক গীত বুলি অভিহিত কৰিছে।
শ্ৰৱণ আৰু কীৰ্ত্তনৰ আধাৰত গুৰু শঙ্কৰদেৱৰ প্ৰচাৰিত ভক্তি ধৰ্মৰ কাৰ্য-সাধনৰ বাবে কীৰ্ত্তনঘোষৰ দৰে একে উদ্দেশ্য আগত ৰাখি মাধৱদেৱৰ নামঘোষাও ৰচনা কৰা হৈছে। পণ্ডিতসকলে নাম-ঘোষাক সত্ৰীয়া সঙ্গীত পদ্ধতিৰ বিশাল ৰূপৰ এটি নাতিক্ষুদ্ৰ সংস্কৰণ বুলি মত প্ৰকাশ কৰিছে। নামঘোষা এফালে সাহিত্য পাঠৰ সমান্তৰালভাৱে সাংগীতিক পৰিৱেশৰ পাঠ। নামঘোষাৰ ৯০ টা ছেদ মুঠ ছটা ছন্দৰ মাজত সোমাই আছে। এই ছন্দসমূহ হ'ল-
ছবি ছন্দ, দুলড়ী ছন্দ, পদ ছন্দ, লেছাৰি ছন্দ, ঘোষা ছন্দ আৰু নাম ছন্দ।
মাধৱদেৱে সাব্যস্ত কৰিব বিচৰা সামগ্ৰিক তাত্ত্বিক দিশৰ একো একোটা ৰূপ এই মূল ছন্দৰ ভাগবোৰৰ মাজত আবদ্ধ কৰিছে। মাধৱদেৱে নামঘোষাৰ আৰম্ভণিতে লিখা- "মুক্তিতো নিষ্পৃহ যিটো, সেহি ভকতক নমো, ৰসময়ী মাগোহো ভকতি।।" শ্লোকটোত ভক্তিৰ মহিমাময় ৰূপটোৰ সুন্দৰ বৰ্ণনা দিছে। পৰৱৰ্তী ছেদসমূহ নাম, দেৱ, গুৰু আৰু ভকত আদিৰ তাত্ত্বিক দিশসমূহ উন্মোচিত কৰিছে।
বাণীকান্ত কাকতিদেৱে নামঘোষা প্ৰবন্ধত কৈছে যে নামঘোষাত তিনিটা ভাবৰ ধাৰা মিহলি হৈ বিশাল আনন্দসিন্ধুত মিলিত হৈছে। এই ধাৰা তিনিটা হৈছে-
১/ কৃষ্ণৰ ভক্তিৰ মাহাত্ম্য
২/ পুণ্য শ্লোক শংকৰ স্মৃতি আৰু
৩/ মাধৱদেৱৰ আত্মলঘিমা।
২/ পুণ্য শ্লোক শংকৰ স্মৃতি আৰু
৩/ মাধৱদেৱৰ আত্মলঘিমা।
"এ ভাই ভজা ভগৱন্ত ভক্তি ভাৱে।।"
আত্মলঘিমা মাধৱদেৱৰ ব্যক্তিত্বৰ প্ৰধান অলংকাৰ। মাধৱদেৱৰ প্ৰায় সকলো ৰচনাতে আত্মলঘিমাৰ দিশটো উজলি উঠিছে। নাম-ঘোষাৰ মাজত ই আৰু বেছিকৈ প্ৰকাশ পাইছে। নামঘোষাৰ মাজত মাধৱদেৱে নিজকে মুৰুখমতি, দীন মাধৱ, হীন আদি বিশেষণেৰে চিনাকি দিছে।
নামঘোষা গুৰু শংকৰদেৱৰ মহাপ্ৰয়াণৰ পিছৰ কালৰ ৰচনা। সেই সময়ছোৱাত মাধৱদেৱৰ হৃদয়ত শংকৰস্মৃতিয়ে ভৰি আছিল। নাম-ঘোষাত মাধৱদেৱৰ এই শংকৰস্মৃতিৰ পূৰ্ণ প্ৰকাশ পাইছে। সুযোগ পালেই তেওঁ শংকৰ প্ৰশস্তি বা শংকৰদেৱৰ শ্ৰেষ্ঠত্ব প্ৰকাশ কৰিবলৈ এৰা নাই। নামঘোষাৰ এনে এটা শংকৰ প্ৰশস্তি হ'ল-
"হৰি নাম ৰসে বৈকুণ্ঠ প্ৰকাশে
প্ৰেম অমৃতৰ নদী।
শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলা
বাহ ব্ৰহ্মাণ্ডক ভেদি।।"
নাম-ঘোষাত অনুবাদৰ লগতে মাধৱদেৱৰ মৌলিক ৰচনাও আছে। শ্লোকবোৰৰ ছন্দসজ্জা অতি মনোৰম, সুৰৰ প্ৰাধান্যও হৃদয়স্পৰ্শী। নাম-ঘোষাত ব্যৱহৃত অলংকাৰসমূহে ভাষাৰ মাধুৰ্য বঢ়োৱাৰ উপৰিও সাংগীতিক লয়ৰো সৃষ্টি কৰিছে। ভাষাৰ ক্ষেত্ৰত কেতিয়াবা সৰল আৰু কেতিয়াবা জটিল ভাষাৰ প্ৰয়োগ কৰিছে। তত্বমূলক কথাবোৰ কিছু পৰিমাণে জটিল যদিও অতি দুৰূহ নহয়। কিছুমান শ্লোকত ঘৰুৱা কথাৰ ব্যৱহাৰে পাঠক শ্ৰোতাক অধিক ওচৰ চপাই নিছে। ঠায়ে ঠায়ে তেওঁ কিছুমান অতি সৰল ভাষাৰ প্ৰয়োগ কৰিছে-
"নিজ দাস কৰি হৰি মোকে কিনা কিনা।
আন ধন নলাগয় নাম ধন বিনা।।"
"মোকে কিনা কিনা" বোলা এই সৰল উক্তিটোত মাধৱদেৱৰ আত্মনিবেদনৰ হেঁপাহ জিলিকি উঠিছে। শংকৰদেৱে প্ৰতিষ্ঠা কৰা উদাৰতা মাধৱদেৱৰ নামঘোষাৰ মাজতো স্পষ্টভাবে প্ৰতিফলিত হৈছে। মাধৱদেৱে অকল নিজৰ মুক্তিকে নিবিচাৰি, সমগ্ৰ মানৱ জাতিৰ মুক্তি বিচাৰিছে-
"হৰি নাম নাহিকে নিয়ম অধিকাৰী।
ৰাম বুলি তৰে মিৰি আসম কছাৰী।।"
ই পৃথিৱীৰ সকলো স্তৰৰ জাতি-জনগোষ্ঠী, উপজাতি, ভাষা-ভাষী লোকক ভক্তি আন্দোলনৰ এনাজৰীৰে একত্ৰিত কৰাৰ প্ৰয়াস কৰাৰ স্বাক্ষৰ বহন কৰিছে।
মুঠতে নাম-ঘোষা অকল অসমৰ বৈষ্ণৱ ধৰ্মৰে নহয়, ই সমগ্ৰ বিশ্ব-সাহিত্যৰে এখনি মহৎ গ্ৰন্থ।
শ্ৰী শ্ৰী মাধৱদেৱৰ বিৰচিত
নাম ঘোষা
ভজন
।। ছবি ।।
মুক্তিত নিস্পৃহ যিটো সেহি ভকতক নমো
ৰসময় মাগোহো ভকতি।
সমস্ত মস্তক মণি নিজ ভকতৰ বশ্য
ভজো হেন দেৱ যদুপতি।। ১
যাৰ ৰাম কৃষ্ণ নাম নাৱে ভৱসিন্ধু তৰি
পাৱে পৰম্পদ পাপী যত।
সদানন্দ সনাতন হেনয় কৃষ্ণক সদা
উপাসা কৰোহো হৃদয়ত।।২
ৰসময় মাগোহো ভকতি।
সমস্ত মস্তক মণি নিজ ভকতৰ বশ্য
ভজো হেন দেৱ যদুপতি।। ১
যাৰ ৰাম কৃষ্ণ নাম নাৱে ভৱসিন্ধু তৰি
পাৱে পৰম্পদ পাপী যত।
সদানন্দ সনাতন হেনয় কৃষ্ণক সদা
উপাসা কৰোহো হৃদয়ত।।২
( ক্ৰমশঃ- )
------------------------------------------------------------------------------------
মুদ্ৰক- প্ৰশান্ত শইকীয়া।
0 Comments
Please do not enter any spam link in the comment box.